Teya Salat
MenuBlogAbout


আপুনি "কোন ডোল মজি"ক চিনি পায় নে ?

আপুনি "কোন ডোল মজি"ক চিনি পায় নে ? কালি দুপৰীয়াৰ ঘটনা । এজন মানুহে হাতত এটুকুৰা কাগজলৈ আহিছিল সাপটগ্ৰামৰ সেৱক নামৰ ঠাইলৈ । তাতে লিখা আছিল "কোন ডোল মজি" । কেইখনমান দোকানত গৈ এই কাগজৰ টুকুৰাটো দেখুৱাইছে কিন্তু সকোলোৰে একেই উত্তৰ । কোনেও এই ব্যক্তিজনৰ নাম শুনা নাই । তাৰ পিছত আহিল মোৰ দোকানলৈ । মোৰ দোকানত এজন ল'ৰা বহি আছিল । তাক দেখুৱালে । সিয়ো নামটো চাই ক'লে যে "সাপটগ্ৰামত এই নামৰ কোনো মানুহে নাই ।" আচলতে সাপটগ্ৰাম কিয় সমস্তে অসম বা ভাৰততে এই নামৰ মানুহ নাই । বেলেগ দেশত থাকিব পাৰে । চীন, জাপান আদিৰ দৰে দেশত । তাৰ পিছত ময়ো কাগজ টুকুৰা পঢ়ি চালোঁ । মই সুধিলোঁ তেখেত ক'ৰ পৰা আহিছে আৰু কি কৰিবলৈ আহিছে । তাৰ পিছত ক'লে যে তেওঁৰ ছোৱালীয়ে যিখন স্কুলত পঢ়ে সেইখন স্কুলৰ প্ৰধান শিক্ষকে পঠিয়াইছে অনলাইনত তাইৰ ছোৱালীৰ স্ক'লাৰশ্বিপৰ কাম কৰিবলৈ । সিহঁতক হেনো শিক্ষকজনে কৈছিল যে "সেৱকত থকা কোন ডোল মজি"ৰ ওচৰত গ'লে কামটো কৰি দিব" । তেতিয়া কথাটো বুজিব পাৰিলোঁ । শিক্ষকজনে কৈছিল "কন্দৰ্পজিৎ", সিহঁতে লিখি লৈছে "কোন ডোল মজি" ।

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE