Disneyland 1972 Love the old s
MenuBlogAbout


কেতিয়াও লিখিব নোৱাৰা কবিতাটো

কেতিয়াও লিখিব নোৱাৰা কবিতাটো
এদিন ৰাতি সপোনতে লিখিছিলোঁ

আৰু সেই আনন্দতে সপোনতেই পান কৰিছিলোঁ এডিঙি মদিৰা

সপোনতে নিচা লাগি যোৱাত পাহৰি থাকিলোঁ কবিতাটো

আৰু কোনো দিনেই লিখিব নোৱাৰিলোঁ
কেতিয়াও লিখিব নোৱাৰা কবিতাটো

আৰু তেতিয়াৰ পৰাই মোৰ
কবিতা নিলিখাকৈ থকাৰ কচৰৎ !

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE