XtGem Forum catalog
MenuBlogAbout


অকবিতা : অসংলগ্ন !

যি কথা তোমাক কেতিয়াও
সুধিব নোৱাৰিম
সেই কথাৰ বাবেই মই
সপোনতে মৃত !

যি কথা তোমাক কেতিয়াও
ক'ব নোৱাৰিম
সেই কথাৰ বাবেই মই
জীৱন্তে অগ্নিদগ্ধ !

তোমাৰ বাবেই বাদ দিলোঁ যি
সেয়া চাগে
মোৰ জীৱনৰ অপ্ৰাপ্য

আৰু মোৰ বাবে তুমি
বাদ নিদিলা যি
সেয়া চাগে
তোমাৰ জীৱনৰ দুষ্প্ৰাপ্য !

লিখিম বুলিও যি কথা
লিখিব নোৱাৰিলোঁ
সেয়া সৰাপাতৰ বিষাদ

লিখিও যি কথা কাকো
দেখুৱাব নোৱাৰি
ফালি পেলালোঁ
সেয়া মাজনিশাৰ
অব্যক্ত প্ৰলাপ !

যি কথা হৃদয়তে মৰহি যায়
সেই কথা কালিঘুকিৰ
এন্ধাৰ ডিঙিলৈকে উজাই অহা
নিষাদ গান্ধাৰ !

এয়া যদি ফেচবুকত লিখা
মোৰ হৃদয়ৰ শেষ শব্দগাঁথা হয়
তেন্তে মোৰ ......

তেন্তে মোৰ ক'বলৈ
একো বাকী নাই

যি বাকী ৰ'ল
সেয়া হৃদয়ৰ খাতাত
ৰৈ যোৱা অব্যক্ত অভিলাশ !

কাইলৈৰ পৰা
সৰু মানুহ
সৰু সপোন
সৰু সৰু শব্দ প্ৰৱাহ

টুইটাৰৰ বুকুত
কম শব্দেৰে লিখিব পৰা
শাব্দিক মায়াজাল !

বিঃদ্ৰঃ
"মায়ারে জীবন রে বন্ধু
তুই কী বুজবি ছল-চাতুরী
কখনো হাঁসায় বা
কখনো কাঁদায়" !

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE