Lamborghini Huracán LP 610-4 t
MenuBlogAbout


পানীৰ টোপালৰ ৰেলগাড়ী

কালি দুপৰীয়া প্ৰত্যক্ষ্য কৰিছিলোঁ
ওলমি ওলমি পাৰহৈ গৈ থকা
এখন পানীৰ টোপালৰ ৰেলগাড়ী
সাউৎকৈ গৈ থাকে

গৈ থকা দাবাৰ চিন-মোকাম নাই
কোনো ষ্টেচনতে ৰৈ নাযায়
নৰৈ নৰৈ বৈ যায়
পানীৰ টোপালৰ ৰেলগাড়ী
কাৰণ এবাৰ ৰৈ গ'লেই যে
ৰৈ যাব বহু ঘণ্টাৰ বাবে অচল হৈ

এখন পানীৰ টোপালৰ ৰেলগাড়ীয়ে
মহতিয়াই লৈ গ'ল
মোৰ পানীৰঙী সপোনৰ চিঞাহীৰে অঁকা
সপোনৰ সাঁচ

পৰি ৰ'লোঁ শ এটা হৈ
পানীৰ টোপালৰ ৰেলগাড়ীয়ে মহতিয়াই লৈ যোৱা
জীৱন এটাৰ
বেজীৱন ইতিহাস হৈ ......

বৰষুণৰ দিন এটাৰ অপেক্ষাত ......
যিদিনা সাপটগ্ৰাম বজাৰৰ এডাল ওলমি থকা ৰচীৰে
গৈ থাকিব
পানীৰ টোপালৰ ৰেলগাড়ী

পানীৰ টোপালৰ ৰেলগাড়ীত উঠিব নোৱাৰাৰ দুখত
মদ খাম আজি !

ණ কন্দৰ্পজিৎ কল্লোল

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE