Old school Swatch Watches
MenuBlogAbout


বিৰিণা কুঁৱৰীৰ সাধু

বিৰিণা কুঁৱৰীৰ বুকত লাগি থাকে
বিৰিণা পাতৰ বেগম বাহাৰ

মই ৰৈ ৰৈ চাওঁ
মই তাইক চাই চাই কবিতা লিখোঁ

কবিতাত যি লাগি থাকে
সেয়াই বিৰিণা কুঁৱৰীৰ বিষাদৰ ৰং

সেইবাবেই ৰাতি ৰাতি মোৰ বুকুত বাঢ়ে
উন্মাদ নিচা

এই নিচাও নিচা
সেই নিচাও নিচা

নিশা নিশা তাইৰ প্ৰেমত
নিচাৰ আবহাৱা

বিৰিণা কুঁৱৰী পানীত ডুবে
পানীয়ে পানীয়ে পানী ৰঙৰ মেখেলা
তাইৰ বুকুৰ আলতা

সেইবাবেই ৰাতি ৰাতি গোপনে লিখোঁ
বিৰিণা কুঁৱৰীৰ বিষাদ গাঁথা !

ණ কন্দৰ্পজিৎ কল্লোল

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE